পৃষ্ঠা:ৰেণু.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 


ঘাটলই গই  পানী অনা মাথোঁ
 ছলহে, নহয় কাজ;
সখি, চাবা তুমি বাৰু আজিৰে পৰাই
 ঘৰৰে নোলাও বাজ৷

আগৰ দৰেই কদম-তলত
 যেতিয়া তেতিয়া আহি,
ভাবিছে কৰিব  চিত উত্ৰাৱল
 আৰু কি বজাই বাহী?

৩১