সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শেষ কবিতা

চকুৰ আগতে মোৰ মানসী প্ৰতিমা দেখি
 ৰচিছিলো আথেবেথে মনোমোহা হাৰ,
লাজুকীয়া ডিঙিটিত  আদৰি পিন্ধাম বুলি
 বাছি বাছি আলসুৱা কলি কবিতাৰ।

সেই দিনা সন্ধিয়াৰ  ৰান্ধনী বেলিটি আহি
 কিৰণৰ ৰেঘা দিলে প্ৰিয়া কপালত,
অধৰত মৃদু হাঁহি ফুটিছিল প্ৰেয়সীৰ
 সেন্দুৰীয়া বোল ল’ই গোলাপী গালত।

হাতৰ কবিতাহাৰ কঁপিছিল হৰষত
 দুৰু দুৰু কঁপিছিল বুকুখনি মোৰ,
গধূলিৰ লগনত পাতিছিলে দীপাৱলী
 শুনিছিলো প্ৰণয়ৰ মউসনা সুৰ।

কোনে জানে সেই দিনা মেঘত বিজুলী লাগি
 দহিবহি বুলি মোৰ মানসৰ জোন,
সিদিনাৰ লীলা-খেলা পূৰ্ব্বৰাগ মিলনৰ
 আজি মাথো দিঠকত মধুৰ সপোন।

[ ৭৭ ]