সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 


         
প্ৰাণৰ প্ৰতিমা মোৰ কান্দিছা, কান্দিলে বাৰু
 পাৰিবানে প্ৰিয়ে মোক আনিব ঘূৰাই?
নিয়ত্তিৰ নিয়মত  পাৰে কোনে বাধা দিব
 জনমৰ লগে লগে মৃত্যু আহে যায়!

বিধিৰ বিধান মানি  ভৰি দিলোঁ জগতত
 নহল যদিও কাৰো একো উপকাৰ,
বিফল সাধনা মোৰ  নহল নহল দেবী
 মৃত্যুৰ কাযতে পালো অমৃত ভাণ্ডাৰ।

তযু পুণ্য পৰশতে  স্নান কৰি প্ৰাণ মোৰ
 শুচি হৈ গুচি যাব পৰপাৰলই,
থাকি যাব ইপাৰত  মিলন মধুৰ স্মৃতি
 সেয়ে মোৰ শেষ দান প্ৰিয়ে তোমালই!

যাবৰ সময় হ’ল  সুলকি পৰিছে ডোল
 দুদিনীয়া জগতৰ মায়া-মমতাৰ,
আহাঁ প্ৰিয়ে কাষ চাপি  চাই লওঁ শেষবাৰ
 তোমাৰ বিমল ছবি প্ৰম প্ৰতিভাৰ!

জীৱনৰ ধৰ্ম্ম-কৰ্ম্ম  হ’ল আজি অৱসান
 অৱসান ক্ষন্তেকীয়া মান অভিমান,
অৱসান আজি মোৰ  বুকুৰ নীৰব বীণা
 অৱসান প্ৰণয়ৰ দান প্ৰতিদান।

⸻⸺

[ ৭৬ ]