সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 


মাধৈমালতী লতা লেৰেলি শুকাই গ’ল
 লেৰেলি শুকাই গ’ল কবিতাৰ হাৰ,
তথাপিও আছো ৰই একেদৰে বই বই
 জগৰীয়া জীৱনৰ আপদীয়া ভাৰ।

দেহি ঐ! কোনে ক’ব কেতিয়ানো মেলি দিম
 ৰাজহুৱ৷ ঘাটটিত নাওখনি মোৰ,
মলয়াৰ বা লাগি নাচিব নাৱৰ পাল
 দেই-পোৰা হিয়াখনি পৰি যাব জুৰ!

নাজানিলে৷ আগে ঐ মৰমে দহিব বুলি
 চেনেহেও হানে শেল বুকু ভেদি যায়,
“ভালপাওঁ” বুলি ক’ই তেজ যদি পিব পাৰে
 তেনেকুৱা ভালপোৱা কেইজনে পায়?

কি হব মিছাতে আৰু উটি-বুৰি নিৰাশাত
 আকুল সাগৰ হায় নাই কতো পাৰ,
কবিতাই কাল হল নালাগে কবিতা আৰু
 এয়ে মোৰ শেষ মালা, শেষ কবিতাৰ!

[৭৮]