এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
মাধৈমালতী লতা লেৰেলি শুকাই গ’ল
লেৰেলি শুকাই গ’ল কবিতাৰ হাৰ,
তথাপিও আছো ৰই একেদৰে বই বই
জগৰীয়া জীৱনৰ আপদীয়া ভাৰ।
দেহি ঐ! কোনে ক’ব কেতিয়ানো মেলি দিম
ৰাজহুৱ৷ ঘাটটিত নাওখনি মোৰ,
মলয়াৰ বা লাগি নাচিব নাৱৰ পাল
দেই-পোৰা হিয়াখনি পৰি যাব জুৰ!
নাজানিলে৷ আগে ঐ মৰমে দহিব বুলি
চেনেহেও হানে শেল বুকু ভেদি যায়,
“ভালপাওঁ” বুলি ক’ই তেজ যদি পিব পাৰে
তেনেকুৱা ভালপোৱা কেইজনে পায়?
কি হব মিছাতে আৰু উটি-বুৰি নিৰাশাত
আকুল সাগৰ হায় নাই কতো পাৰ,
কবিতাই কাল হল নালাগে কবিতা আৰু
এয়ে মোৰ শেষ মালা, শেষ কবিতাৰ!
⸻
[৭৮]