এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
মনত পৰেহি কিয় আজি বিদায়ৰ বেলা
শেৱালিৰ মালা গঁথা শাৰদী পুৱাত,
বিৰহ বেদনা সহি একেৰাহে তৰা লেখা
বিনিদ্ৰ তমসা নিশা দূৰ নীলিমাত?
সেই দিনা অমানিশা নিদিলেতো জোনে দেখা
নেদেখিলো প্ৰকৃতিৰো সেউজীয়া বোল,
অসাৰ জগত জুৰি নদ-নদী, গিৰি ভেদি
উঠিছিলে বিষাদৰ সকৰুণ ৰোল!
সপোন পাৰত বহি ভাবিছিলো সেই দিনা
ভাবিছিলো অতীতৰ পাহৰণি কথা,
পাহ পাহ কৰি মোৰ শুকান শেৱালি ফুল
স্মৃতিৰ মাধুৰী স’তে আল্ফুলে গঁথা!
ময়োতো দিছিলো পূজা মোৰ দেবী-মন্দিৰত
জ্বলিছিলে ধূপ-ধূনা প্ৰদীপৰ শাৰী,
তথাপিতো অতৰ্কিতে আহিছিলে হুমুনিয়া
ব্যৰ্থতাৰ গুৰুভাৰ সহিব নোৱাৰি।
যদিওবা অৰ্ঘ্য মোৰ নললে দেবীয়ে তুলি
ভৰি দিলো আহি যেবে মৰণ-পাৰত,
মনত পৰেহি কিয় পুনু বিদায়ৰ বেলা
সেই কথা, সি যে আজি স্মৃতিৰো আঁৰত!
[ ৭৫ ]