সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিফলতা

চকুৱে বিচাৰে মোৰ  অপৰূপ ৰূপ-ৰেখা
 পৰাণে বিচাৰে মোৰ জীৱনৰ মোহ;
বুকুৱে আপোন সুৰে  বিচাৰি বিচাৰি ফুৰে
 মউসনা চেনেহৰ কুমলীয়া কোঁহ।

নপৰিল দুচকুত  যাউতিযুগীয়া ৰূপ
 নুপূৰিল পৰাণৰ আকুল পিয়াহ;
নিকৰুণ নিৰাশাত  ভাগৰি পৰিল বুকু
 নেপালে কেনিও ক’তো চেনেহৰ আঁহ।

পুৱাতে নিতৌ পিন্ধো  শেৱালিৰ মালাধাৰি
 আবেলি বুকুতে মোৰ মৰহি শুকায়,
গধূলিৰে পৰা চাওঁ  ধুনীয়া তৰাটি দেখি,
 লাজতে আঁতৰি সিও মেঘত লুকায়।

ৰাতি হলে সপোনত  প্ৰিয়াক সাবটি ধৰি
 সানি দিব খোজোতেই সেন্দূৰীয়া বোল,
কুলিৰ কঠুৱা মাতে  লাহৰি সপোন ভাঙি
 প্ৰিয়াহাৰা কৰি মোক কৰে বিয়াকুল

[ ৭১ ]