এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
নাৱৰীয়া অ’ই
ফেনে-ফোটোকাৰে ভৰা বাৰিষাৰ নই,
দে তোৰ নাও মেলি,
কৰ আৰু কত বেলি,
থাকিলে মিছাতে বহি অবুজন হই
ঘোপমৰা এন্ধাৰত যাম কেনেকই;
পাৰ কৰি দে মোক স’উ পাৰলই!
নাৱৰীয়া অ’ই!
এটি দুটি কৰি কত ঘাট পাৰ হই,
লাগিছে ভাগৰ বৰ
কৰ্চোন খৰ্ধৰ,
মেট্মৰা ভাৰ মোৰ সিপাৰত থই,
পাৰিলে জিৰণি লওঁ এঘৰত গই;
পাৰ কৰি দে মোক সউ পাৰলই!
নাৱৰীয়া অ’ই!
সুধিছ, আহিছো কিয় পাৰ হ’বলই?
শুন তেনে নাৱৰীয়া,
মোৰ কোনো নাইকিয়া,
যি আছিল সিও গ’ল বুকু ভাঙি থই,
কি কৰিম ইপাৰত কোন আছে অ’ই।
পাৰ কৰি দে মোক স’উ পাৰলই।
⸻⸺
[ ৭০ ]