এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি–
পদুলি মুখত থকা বকুলৰ ছাঁত বহি
কেতিয়াবা জুৰ লওঁ কিমান আশাৰে;
অকলশৰীয়া মোৰ এখনি সৰল হিয়া
নিদাৰুণ পচোৱাই তাতো খুন্দা মাৰে।
বিফলতা যদি মোৰ জীৱনৰ লগৰীয়া
কিয় সাজি বালি ঘৰ সময় কটাওঁ;
যি বাটেদি আহিছিলো আশাৰ মাণিক গাঁথি
সি বাটেদি শুদা হাতে আজি ঘূৰি যাওঁ।
⸻⸺
বিদায়
নাই আজি একো মোৰ সকলো পৰিছে ওৰ
চাপিছা ওচৰ প্ৰিয়ে কিহৰ আশাত?
ঐশ্বৰ্য্য-সম্পদ-ধন সকলোটি ৰাখি পণ
হেৰুৱালো শকুনিৰ কপত পাশাত।
জীৱনৰ দুপৰীয়া কেঁচাৰ’দে আহি প্ৰিয়া
ক’লাপৰা কলিজাৰ ৰঙা তেজ শুহি,
চেনেহৰ ৰহঘৰা আছিল লগতে অঁৰা
তলি উদঙাই তাকো নিলে চুহি চুহি।
যোৱা প্ৰিয়া, যোৱা গুচি হবা জানো হবা শুচি
কাষত থাকিলে মোৰ চকুপানী লই,
ব্যৰ্থতাত জন্ম যাৰ সংসাৰ সমাধি তাৰ,
আঁতৰাব পাৰে জানো পৰৰ বিল’ই?
[ ৭২ ]