এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাৰ কৰি দে মোক স’উ পাৰলই
নাৱৰীয়া অ’ই!
পাৰ কৰি দে মোক স’উ পাৰলই,
বেলি মাৰ যায় যায়
আৰুতো সময় নাই
কাকুতি কৰিছো হে’ৰ নাথাকিবি ৰই
ল তুলি ক’ত তোৰ, আছে ব’ঠা ছ’ই,
পাৰ কৰি দে মোক স’উ পাৰলই!
নাৱৰীয়া অ’ই
নাই আৰু বেছি পৰ নিশা হবলই,
আকাশৰ তলে তলে,
বগলীয়ে দলে দলে,
বেলি হয় বুলি দেহি কোবাকুবি কই
চাচোন আহিছে উৰি নিজ বাহলই,
পাৰ কৰি দে মোক স’উ পাৰলই!
[ ৬৯ ]