সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিসৰ্জ্জন

সখী মোৰ ই বুকুত যিখিনি আছিল ব্যথা
 আপোন কপাল দোষি দিছো দলিয়াই,
প্ৰিয়ে মোৰ অভিমান আছিল যিকণি বাকী
 কলঙত দিছো আজি তাকো উটুৱাই।

         
সেই দিনা যৌৱনৰ প্ৰথম পুৱাতে বহি
 লেখনী হাতত ল’ই লিখোতে কবিতা,
লেখনী লিখনী হৈ আঁকিলে যিখনি ছবি
 জনমে মৰণে মোৰ নিতে পৰিচিতা।

সেই দিন৷ সেই ছবি চাওঁতে নোহোৱা হ’ল
 শূন্য কৰি অভাগাৰ পূজাৰ আসন,
মূৰ্ত্তিহীন পূজাঘৰ এতিয়াও আছে পৰি
 কাষত গজিছে তাৰ কাঁইটীয়া বন।

         
সখী মোৰ ই বুকুত যিখিনি আছিল ব্যথা
 আপোন কপাল দোষি দিছো দলিয়াই,
প্ৰিয়ে মোৰ অভিমান আছিল, যিকণি বাকী
 কলঙত দিছো আজি তাকো উটুৱাই।

⸻⸺

[ ৬৮ ]