সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

তেতিয়া নুফুৰো আৰু সান্ত্বনা বিচাৰি
শেষ হ’ব সেই দিনা জ্বালা-যন্ত্ৰণাৰ;
কপালৰ ক’লা দাগ, বুকুৰ কঁপনি
কলিজাৰ মৰা তেজ পচা কামিহাড়।

তেতিয়া কোনেও আৰু নাপায় আমনি
বাটৰ ভিক্ষাৰী বুলি কাকনো ঘিণাব;
কাৰনো কান্ধত দেখি পাপৰ জোলোঙা
ভয়ত আঁতৰ হৈ মুখ লুকুৱাব?

শেষ হব জীৱনৰ আন্ধাৰ ওৰণি
সান্ত্বনাৰ শেষ তৃষ্ণা, প্ৰাণৰ পোৰণি।

[ তিনি ]
আহাঁ আৰু কোন ক’ত আছা পাপী-তাপি
নালাগে খুন্দিব হিয়া, নালাগে ফুৰিব
আশা কৰি মৰীচিকা মৰু প্ৰান্তৰত,
তলুৱাৰ ফটা ছাল নালাগে ছিঙিব।

পাপৰ জোলোঙা যিটো কান্ধত আনিলা
দুখৰ টোপোলা তাতে সুমুৱাই ল’ই,
ব’লা যাওঁ একেলগে স’উ পাৰে পাৰে
বহুৰূপী সংসাৰত শেষ সেৱা থ’ই।

সংসাৰ নহয় সৃষ্টি তোমাৰ কাৰণে
নাই স্থান তোমাল’ই ভুলতে আহিলা,
ওলোৱা ওলোৱা বন্ধু, যাওঁ একেলগে
শেষ হ’ল একে দিনে মৰতৰ লীলা।

বিশ্বৰ বুকুত হ’ল ভ্ৰমণৰ শেষ,
মুক্ত আজি অভিশপ্ত মলিয়ন বেশ।

⸻⸺

[ ৬৭ ]