এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অনুতাপ
[ এক ]
সান্ত্বনা সঁফুৰা কিয় বিচাৰি বিচাৰি
মিছাতেই ফুৰিছোহি অনাই-বনাই;
কপালত যিটো নাই কিয় বিচাৰিছো
সান্ত্বনাৰ শেষ হ’লে নাহেতো দুনাই!
নাহে আৰু ঘূৰি সেই মিলন-পূৰ্ণিমা
নুশুনো আৰুতো সেই ধ্বনি সুমধুৰ;
নামাতেহি “আঁহা” বুলি আঁকোৱালি ধৰি
নাই মৃদু পৰশন যুগল বাহুৰ!
চকুপানী মচি মচি কোনেনো এতিয়া
নিজৰ চকুত সেই চকুপানী ল’ই;
সান্ত্বনাৰ শান্তি-জল কৰাবহি পান
কান্দিব দুখত মোৰ বিয়াকুল হ’ই!
নাই আৰু নাহে কোনো নাচায় উভটি
সান্ত্বনাৰ শেষ হ’ল, নধৰে সাবটি!
[ দুই ]
অভিশপ্ত পাপী মই চিৰ দুৰ্ভগীয়া
যাতনাই একমাত্ৰ লগৰীয়া মোৰ;
যাতনাৰ লগতেই হাঁহাকাৰ কৰি
পেলাম এদিন মই জীৱনৰ ওৰ!
[ ৬৬ ]