সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব’ৰাগী

ব’ৰাগীৰ বীণ নাজানো বজাব তথাপিতো আজি ব’ৰাগী হ’ই,
নিকৰুণ মোৰ নিৰস বুকুত দাৰুণ দুখৰ বেদনা ল’ই;
ঘূৰি ফুৰিছিলো কত দিন ৰাতি কতনো বিদেশ কতনো দেশ,
পাতলাম বুলি বুকুৰ বেদনা, সোলোকাম বুলি ব’ৰাগী বেশ।
কৰিলে বিধিয়ে অথালি-পথালি নপৰিল মোৰ পৰাণ জুৰ,
নাপালো কেনিও অকণো শান্‌তি, প্ৰাণৰ পিয়াহো নহল পূৰ।
দুখীয়াৰ কথা কোনেনো শুনিব, সহানুভূতিত পাতিব কাণ,
কোন চেনেহীয়ে চেনেহত পমি এধাণি কৰুণা কৰিব দান?
নিচলাক দেখি আটায়ে মাথোন কয়, “এলেহুৱা আঁতৰি যা,
নালাগে ইয়াত ইনাব-বিনাৰ নিজানতে তোৰ টোকাৰি বা।”
ধন, সোণ মোক নালাগে একোকে তথাপিতো কিয় কৰিছে ঘিণ,
চেনেহতে মতা এষাৰি মাতৰো হলোনে ইমান দুখীয়া দীন?
চেনেহ-নদীত নাদুৰি-সাঁতুৰি কত শত জনে খেলিছে ঢ’উ,
চেনেহৰ কত ৰহঘৰা ভাঙি কত লুভীয়াই চুহিছে ম’উ।
ময়েহে ইমান পোৰাকপলীয়া কিয় তেনে মিছা আশাত ৰ’ই,
ফুৰিম মিছাতে অনাই-বনাই দুখৰ গধূৰ বোকোছা ব’ই!
          
মৰণ-পথৰ নহওঁ পথিক, কিয় মৰণৰ শৰণ লম,
ইপাৰৰ দুখ বোকোছাত বান্ধি কিয় সিপাৰৰ অতিথি হ’ম!
মৰম চেনেহ নালাগে একোকে জ্বলক বুকুতে বুকুৰ জুই,
নিৰাশাত বোৱা চকুৰ পানীৰে আশাৰ কুহক পেলাম ধুই।
আপোনাৰ দুখ আপুনি বুজিম, নালাগে বুজিব কোনোৱে অ’ই,
জীৱনৰ সুৰ বজাম পুনৰ, আপোন সুৰতে বলিয়া হ’ই।
সপোনৰ সুখ নিবিচাৰো আৰু সপোনতে তাৰ সকলো শেষ,
দিঠকৰ দুখ লাগিব সোৱাদ, থাকক মাথোন ব’ৰাগী বেশ।

⸻⸺

[ ৬৫ ]