সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

ইয়ালৈকে দেহি অ’ই
আশাত বলিয়া হ’ই
জীৱনৰ পথ ভুলি ভুলি;
মতলীয়া কৰি প্ৰাণ
বেচি-কিনি লাজ-মান
আহিছিলো প্ৰিয়া প্ৰিয়া বুলি!

বিৰহৰ ব্যথা ভৰা
দুকুল উপচি পৰা
চকুপানী দোটোপাকে ল’ই,
বিননিৰ ৰোল তুলি
অবাটকে বাট বুলি
অবাটেদি গুচি যাম গ’ই।

নাই আৰু বেছি দূৰ
বাটৰো পৰিছে ওৰ,
—মাৰ যাব পছিমত বেলি;
ঢালি ঢালি মউসনা
সোণালী কিৰণ-কণা
আকাশত ঢউ খেলি খেলি।

পথৰ শেষত গ’ই,
আৰুতো নেপাম অ’ই
ৰ’দালিৰ সোণালী কিৰণ;
শেষ হব জীৱনৰ,
বিৰহৰ, মিলনৰ,
শেষ-স্মৃতি প্ৰিয়া পৰশন!

⸻⸺

[ ৬৪ ]