সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যৰ্থ-পথিক

আজি মোৰ জীৱনৰ
সুধাসনা সপোনৰ
শেষ হল সুমধুৰ তান;
শেষ হল ধূপ-ধুনা
প্ৰতিমাৰ উপাসনা
দেবী-পূজা আজি অৱসান!

কত ৰাতি উজাগৰে
নিৰলে অকলশৰে
ছবি আঁকি চেনেহী প্ৰিয়াৰ,
বুকুত গুপুতে থ’ই
প্ৰেমৰ পৰশ ল’ই
দিলো কত চুমা উপহাৰ।

ভাগিল কপাল মোৰ
নপৰিল বুকু জুৰ
হিয়া ভাঙি প্ৰিয়া গুচি গ’ল,
নিৰৱে নিৰলে পতা
মিলনৰ কুঞ্জলতা
একেদিনে মৰিশালি হ’ল!

[ ৬৩ ]