এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
নাৱৰীয়া তোৰ দৰে ময়ো ভোল গইছিলো
লেখি লেখি আকাশৰ ৰাতি ফুলা ফুল,
লুইতৰ সোঁতে সোঁতে ময়ো উটি ফুৰিছিলো
চাই চাই সন্ধিয়াৰ সোণোৱালী বোল।
ময়ো চক্ খাইছিলো মেঘৰ গাজনি শুনি
মোৰো বুকু কঁপিছিলে বিজুলী ছাটিত,
মিলনৰ মউকোঁহ ময়ো চুহি নাৱৰীয়া
টুকিছিলো চকুপানী বিৰহী পাটীত!
নাপালোতো কতো লগ সুখৰ দিনত মোৰ
উলাহে নধৰা কৰো কুমলীয়া হিয়া,
নেদেখিলো নাৱৰীয়া মোৰ চকুপানী চাই
কাঢ়িলে যি এটিবাৰো এটি হুমুনিয়া।
আদিহীন অনন্তত দে তোৰ নাও মেলি
বিশাল বিশ্বত তই অকলশৰীয়া,
পুৱাৰ শীতল বা আজি আহে আজি যায়
সুখে-দুখে তয়ে মাথো তোৰ লগৰীয়া।
⸻⸺
[ ৬২ ]