সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নাৱৰীয়া

অমানিশা নাৱৰীয়া!  নইৰ পাৰত বহি
 লেখোতে অলেখ তৰা তধা লাগি চাই,
জানো কেতিয়াবা লুইতৰ বুকুৱেদি
 কত ঢউ খলকনি আহি মাৰ যায়?

পূবেৰুণে দিয়ে দেখা  শেষ হয় তৰা লেখা
 নাৱৰ টিঙত বহি নাও মেলি দিয়,
এছাটি কলিয়া মেঘে  ছাটিলে আকাশখনি
 কিয় তোৰ নাৱৰীয়া বুকু কঁপে কিয়?

মনত তেতিয়া তোৰ  নপৰে কালিৰ কথা
 নপৰে মনত আৰু নাচোন তৰাৰ,
সোণালী দীপালী সজা  একেখনি আকাশত
 একেই চকুৰে দেখা ছবি ধুমুহাৰ।

গুচি গলে ধুমুহাৰ  বলিয়া বতাহ আহি
 মাৰ গলে আপদীয়া ঢউ লুইতৰ,
পাল তৰি নাও তোৰ  তয়ে যাৱ ভটিয়াই
 গৰখীয়া গীত গাই লৰালি কালৰ।
          

[ ৬১ ]