মাধবী লতাৰ সাবটা-সাবটি, আকাশী লতাৰ সোণালী সাজ,
দুয়োটিয়ে মিলি গাঁথিছিলে দেহি, লাজুকী লতাৰ লাহৰি লাজ;
সেই প্ৰেমময়ী, শ্যামলা ধৰণী, কাঢ়ি নিলে তোৰ মহিমা কোনে,
কোন ফাগুনৰ নিলাজ পবনে, কোন শৰতৰ পপীয়া জোনে?
✷ ✷ ✷ ✷
নাই নিয়া কাঢ়ি, কাঢ়ি নিব কোনে, যিখিনি আছিল সকলো আছে,
সেই অৰুণৰ সোণ-জিলিকনি, জোন, তাৰকাই আজিও নাচে।
আজিওতো হাঁহে পদুম বনত ৰূপহী পদুম পাহিটি মেলা,
আজিওতো আহে ক’লীয়া ভোমোৰা প্ৰিয়া পৰশন পাৱৰ বেলা।
কলীয়া কুলিৰ সেই একে সুৰে আজিওতো কৰে বলিয়া ধৰা,
তটিনীৰ তীৰে এতিয়াও কৰে প্ৰণয়ীৰ হিয়া প্ৰেমেৰে ভৰা।
✷ ✷ ✷ ✷
তুমি এৰি গলা, তোমাৰ লগতে নিলানেকি সখী সকলো ৰূপ?
তুমি নহলতে মোহন মেলাৰ বিপুল মাধুৰী পালেনে লোপ?
নিলা যদি নিলা; কাৰ ক্ষতি হল? এন্ধাৰতে বহি কটাম কাল,
নেলাগে মিলন, ৰূপ-ছায়া-ছবি; বিৰহ বেদনা, সিয়েই ভাল।
নাও বন্ধা আছে, পাল তৰা আছে, নিজে গুৰি বঠা, হাতত ল’ই
এন্ধাৰে-মুন্ধাৰে নাও মেলি দিম ৰাতি দুপৰীয়া অকলে’ গ’ই!
তুমি ভাৱিছিলা তোমাকেই ভাবি ৰচিম কবিতা নিৰলে বহি,
ধ্যান কৰি ৰ’ম তোমাৰে ছবিটি আশা-নিৰাশাৰ যাতনা সহি,
ভুল সখী ভুল, নাই সেই ভাব; আছে আজি মাথো প্ৰলাপ ঘোৰ,
আৰু আছে বাকী সলিল সমাধি, অনন্ত প্ৰেমৰ মিলনপুৰ!
⸻⸺
[ ৬০ ]