এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নিকৰুণ
নিকৰুণ, নিকৰুণ! সেইহে নোলাল জোন
নকঁপিল কিৰণৰ শুকুলা আঁচল,
কদমৰ ফুলকলি নুফুলিল নুফুলিল
উজায়ো নোবোৱা হ’ল যমুনাৰ জল!
মোহিনীৰ মায়া দেখি বিৰহৰ ছায়া লেখি
নয়ণৰ মুকুতাৰে মালা গাঁথি মালী,
থাকিবি কিমান বহি অসহ যাতনা সহি
আলসুৱা অধৰৰ সুধা আশা পালি!
ভুবন ভুলাই হাঁহি মাধবী লতিকা আহি
আবেগে’ আৰুতো মালী সাৱটি নধৰে,
জীৱনৰ ৰঙা ৰদে মৰণৰ মাজ নিশা
চৰণত মালা থই আৰুতো নবৰে!
তেনে কিয় থাকো ওচৰতে আছে ন’ই
পাৰ ঘাট পাৰ হই পৃথিৱীৰ পৰা,
আঁতৰি পলাওঁ আজি শোক তাপ সৱ ত্যজি
নৱওঁ মিছাতে বোজা যাতনাৰে ভৰা!
⸻⸺
[ ৫৪ ]