সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কোনে

সেইদিনা অকস্মাতে বিদায়ৰ বেলা
দুধাৰি চকুৰ পানী গালেদি বোৱাই,
অন্তৰত জ্বলা জুই দুগুণে জ্বলাই,
অৱশ প্ৰাণৰ মোৰ ভগা বীণাখনি
কোনে দেবী ভাঙিলেহি নেভাবি নুগুণি?

বিদায় বিষাদ ভৰা, —জানো চিৰদিন;
বিচ্ছেদ চকুৰ পানী ঘনে উলিয়াই
অতীত মিলন-সুখ দিয়ে সোঁৱৰাই;
—আজিতে৷ বিদায় নাই;–কোনে তেনে আহি
সেই একেকুৰা জুই জ্বলাই দিয়েহি?

তুমি যে দূৰত আজি, ময়োতো দূৰত
পৰাণ শীতল কৰা মুখৰ মাধুৰী,
সিদিনা শেষত দেখা সেই চকুযুৰি,
মিলন বিচ্ছেদ একো নাইতো ইয়াত
কোনে তেনে কৰিছেহি হিয়াত আঘাত?

চেতনা দূৰৰ কথা ——অচেতনো হলে
কোনে আহি সেই একে সেই ভগা বীণা
বজায় কৰুণ সুৰে সুখ-শান্তি হীনা
জীৰ্ণ, শীৰ্ণ দেহ-সজা কৰি চূৰ্‌ মাৰ
তাতেই দিয়েহি তুলি যাতনাৰ ভাৰ?

হয় যদি স্মৃতি ইটো—স্মৃতি কিয় আৰু?
বিস্মৃতিৰ আন্ধাৰত স্মৃতি লীন হক,
নেলাগে ৰান্ধনি বেলি, যক মাৰ যক!
আহক সলনি তাৰ বজ্ৰ শত গুণে—
নহয় যদিহে স্মৃতি তেনে বাৰু কোনে?

⸻⸺

[ ৫৩ ]