সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ব্যথী

অ’ মোৰ ৰূপহী অ’ই!
ৰাঙলী ওঁঠেৰে মিচিকিয়া হাঁহি
লাহৰি মাতেৰে মাতিছিলি আহি
আজি কিয় বাৰু এৰি গুচি গলি
অকলে ইয়াতে থ’ই?
অ’ মোৰ ৰূপহী অ’ই!

অ’ মোৰ ৰূপহী অ’ই!
তয়েতো পদুমী পাহি মেলি মেলি
মোৰ পুখুৰীত ঢউ খেলি খেলি
কত চেনেহীৰ চেনেহ চুপহি
আছিলি বুকুতে ল’ই!
অ’ মোৰ ৰূপহী অ’ই!

অ’ মোৰ ৰূপহী আই!
কোনে আজি তোক আহুদি খুৱাই
মৰম-চেনেহ দিলে পাহৰাই
কাৰ কথা শুনি নেভাবি নুশুনি
আছ আঁতৰত ৰ’ই?
অ’ মোৰ ৰূপহী অ’ই!

[ ৫৫ ]