সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সপোন-কবিতা

যৌৱনৰ মাধৱী-কুঞ্জত,
যিদিনা শুনিলো প্ৰিয়ে, মৃদুল মধুৰ
প্ৰেমভৰা মিলনৰ মউসনা সুৰ,
সাজিলো গোপনে বহি সপোন-কবিতা
তেজৰ টোপাল গাঁথি আপোন বুকুৰ!

সেই দিনা গধূলিৰ মধু-লগনত
থাকোতে শেৱালি বহি সুৰভি বিলাই
চল চাই শৰতৰ মলয়া বতাহে,
চুমা দিলে আজলীক ওৰণি গুচাই!

সেই দিনা শান্তিময়ী জোনাক যামিনী
সান্ত্বনাৰ সুধা ল’ই দিছিলেহি দেখা,
বুকুৰ চুপহি মেলি ৰূপহী তৰাই,
নীলিমাতে আঁকিছিল মিলনৰ ৰেখা!

         
—আজি সেই মাধবী কুঞ্জত,
আপোন সুৰত বয় বিৰহৰ সোঁত,
আপোনা আপুনি জ্বলে মিলনৰ চিতা,
তেজৰ ৰাঙলী বোল আপুনি শুকাই
সপোনতে উটি যায় সপোন-কবিতা।

⸻⸺

[ ৫২ ]