সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শুনিবৰ মন যদি নেথাকে তোমাৰ

শুনিবৰ মন যদি  নেথাকে তোমাৰ সখী
 শুনালে কিহব মোৰ বিননি বুকুৰ,
নেবাজেতো আৰু সেই  তাহানিৰ মধুবীণা
 নুফুটেতো আৰু সখী সুধাসনা সুৰ!

ৰূপহী জোনাক ৰাতি  ডুবৰি দলিছা পাতি
 দুয়ো বহি কত দিন গাইছিলো গীত,
দুয়োৰে বুকুৰ সুৰ  একেটি সুৰতে কঁপি
 সৰিছিলে ফুল কলি ফাগুনী ৰাতিত!

সেইদিনা কইছিলা  “গোৱা সখা আৰু গোৱা,
 ইমান সুৱদি লাগে গীত শুনি শুনি,
ইমান মধুৰ লাগে  ফুলাম ধুনীয়া ধৰা
 ওপৰত সোণতৰা, জোন জিলিকনি!”

সি যে সখী পৰপাৰ,  আজি আছে বৰষাৰ
 আকাশত ক’লা মেঘ তলত আন্ধাৰ,
সেই সুৰ শেষ হ’ল  সেই বীণা ভাগি গ’ল
 থাকিল এডালি তাৰে ছিগা-ভগা তাঁৰ!

সেয়েহে নিৰলে বহি  গালে গাম নিজা গান
 সৰিলে সৰিৱ মোৰ নিজা চকুলোৰ,
শুনিৱৰ মন যদি  নেথাকে তোমাৰ সখী
 শুনালে কিহব মোৰ বিননি বুকুৰ!

⸻⸺

[ ৫১ ]