এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
( ৩ )
প্ৰিয়ে, অলপ ৰোৱা!
দিঠকতে বহি সোণৰ সপোন
সাজিলো তোমাকে ল’ই,
লুভীয়া ওঁঠৰ চেনেহ চুমাটি
গোলাপী গালতে থ’ই;
শেষ হ’ল সেই সপোনৰ লীলা
সৰগ হাততে পোৱা,
থাকিল মাথোন এধাৰি চকুলো
গালেদি বাগৰি যোৱা;
প্ৰিয়ে, অলপ ৰোৱা!
( 8 )
প্ৰিয়ে, অলপ ৰোৱা!
আজিয়েই তেনে শেষ দেখা দেখি
আৰুতো নহব দেখা,
মচিলে বিধিয়ে কপালত থকা
মধুৰ মিলন ৰেখা;
শুনি লওঁ তেনে শেষৰ কথাটি
কোৱা প্ৰিয়ে ঐ কোৱা!
এই নিকৰুণ বিৰহ ৰাতিৰ
নহবনে আৰু পুৱা?
প্ৰিয়ে, অলপ ৰোৱা!
⸻⸺
[ ৫০ ]