এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰিয়ে অলপ ৰোৱা
( ১ )
প্ৰিয়ে, অলপ ৰোৱা!
সোধো সোধো বুলি লাজতে কথাটি
সুধিব নোৱাৰো অ’ই,
কতদিন হ’ল, ৰাখিছো আজিও
গুপুতে বুকুতে ল’ই;
যাওঁ বুলি আজি ওলালা যেতিয়া
নকৰো বাৰণ যোৱা,
লাজ কাটি কৰি মোৰো কথাষাৰি
সোধো তেনে শুনি লোৱা;
প্ৰিয়ে, অলপ ৰোৱা!
( ২ )
প্ৰিয়ে, অলপ ৰোৱা!
যিখনি মুখৰ ৰূপহী লহৰী
বাগৰি বুকেদি মোৰ,
কৰিছিলে মোৰ তাপিত জীৱন
সুৱদি ৰসেৰে পূৰ,
ওৰণি তলৰ সেই মুখখনি
সুধাৰ নিজৰা বোৱা,
চাই লওঁ আজি হেঁপাহ পলাই
আৰুতো নহব চোৱা;
প্ৰিয়ে, অলপ ৰোৱা!
[ ৪৯ ]