এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰূপ-জ্যোতি- দহিবটা খনিয়াৰে নোৱাৰা ঢাকিৰ, কেঁচা সোণ বৰণীয়। বিৰিঙি বিৰিঙি সখী তোমাৰ লৱনু-তনু মনোৰমা ৰূপলেখা জোনাকী পৰুৱা হৈ জিলিকি আহিব! ওৰণি তলত থৈ অধৰৰ ৰহঘৰ। মোহলগা মুকুতাক নোৱাৰা ৰাখিব, নিলাজী সমীৰে সখী, ওৰণি গুচাই লৈ কমনীয় কমলীৰ কবিতা গাঁথিব! আকুলতো আলসুৱা আজলী বুকুৰ সখী পাৰা জানো লুকুৱাব পলসুৱা পণ, অভিমানে আঁকি দিব তোমাৰ গোপন ছবি লাজুকী লতাৰে ঘেৰা বন-উপবন। নোৱাৰা ঢাকিৱ সখী নোৱাৰা ৰাখিৰ সখী দেৱতাই দান কৰা জীৱন দাপোণ, যদিওৱা জীৱনেই সৃষ্টিৰ বিমল ছায়া যদিওৱা জনমেই অনন্ত সপোন! [ 88 ]