সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আৱাহন

মেঘৰ বুকুত জোনে  পাতিলেহি দীপাৱলী
 থুপি থুপি তৰা লই নীলাকাশ ঘেৰি,
পতা আছে পুষ্প-শয্যা  সজা আছে প্ৰেম-বেদী
 আঁহা দেবী কিৰণ্ময়ী অভিমান এৰি!

যতনে সজোৱা আছে  অৰ্ঘ্য পূজা উপচাৰ
 আল্‌ফুলে গঁথা আছে কুসুমৰ মালা,
দুটি পাত্ৰ ভৰপূৰ  প্ৰণয়ৰ গঙ্গাজলে
 কিয় এৰি অভিমান নাহা দেৱবালা?

আকুল বুকুত যদি  ইমানেই অভিমান
 কিয় দুটি অধৰত হেঙুলীয়া বোল?
লাজুকী আঁচল যদি  দূৰণিতে খহি পৰে
 ওৰণি তলত তেনে কিয় ফুলে ফুল?

 আঁহা দেবী, আঁহা সখী, প্ৰদীপ জ্বলিল,
 পূজাৰ পদুম কলি বেদীত ফুলিল!

⸻⸻

[ ৪৫ ]