সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

এবাৰ মাতিলো ‘আই’,  এনেতেই কোনোবাই
 কলে মোক কাণে কাণে “নহবি অ’ বাউল,
গঢ়ি থক গঢ়ে মানে  কৰি থক কৰে মানে
 কপালত আছে যাৰ নসৰে চাউল।”

⸻⸺

ৰূপ-জ্যোতি

ৰূপৰ জেউতি সখী  নাশিব নোৱাৰে কেৱে
 নিজৰ ৰশ্মিতে মাথো নিজে মাৰ যায়;
—এন্ধাৰে আঁঠুৱা তৰি  বাধা দিয়ে অৰুণক
 তেওচোঁ পুৱাতে আহি পোহৰ বিলায়।

কুঁৱলীয়ে ছাটি ধৰে  ঊষাৰ লাহৰি আভা
 তথাপি মলয়া বয় বলিবৰ হ’লে,
ঘোপ্‌মৰা ডাৱৰৰ  মাজেদি সুৰুঙা ফালি
 মেঘত দীপালী সাজি জোন তৰা জ্বলে।

জালিকটা ৰিহাৰেই  ঢাকিলে কিহক সখী
 পাহি মেলি ফুলি অহা পদুমৰ কলি,
আবেগৰ বা লাগি  নুৰিবনে ৰেণু তাৰ
 নাহিবনে কাষ চাপি মতলীয়া অলি?

[ ৪৩ ]