সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

হব পাৰে সঁচা কথা  কিন্তু সখী ভাবি চোৱা
 পুৰুষে নাপায় যদি প্ৰকৃতিৰ প্ৰাণ,
কিয় তেনে মিছাতেই  “আমিয়েই শ্ৰেষ্ঠ” বুলি
 মৰতত মানুহেই কৰে অভিমান?

কিয় তেনে জগতেই  কৰে নিতে জগৰীয়া
 বিবেক বিহীন এই গৰু পশুবোৰ,
মানুহেই মানুহৰ  নাই দেখা তেজ যদি
 নাই বুজা নিজৰেই সুৰ চকুলোৰ?

সখা মোৰ! কওঁ শুনা  সৃষ্টি শ্ৰেষ্ঠ মানবক
 কবিয়ে কবিতা লিখি কৰিলে পাগল,
সেয়েহে তোমাকে মোকে  নিমিলালে মৰতত
 নেপালো কোনোৱে পিব ‘যমুনাৰ জল’।

সখা ঐ! মোৰ হিয়া  কাকনো সপিম তেনে
 আজি এই পদুমৰ নিজান বনত,
কাকনো বিচাৰি বাৰু  অকলশৰীয়া হই
 বিচাৰিছো নিজা মন, নিজৰে মনত।

এনেতে পাৰত গই  পালো মোৰ নিজা ঘৰ
 আইতাই আখলত মজিয়া মচিছে,
পাছ ফালে চোতালত  কুমাৰে নিৰলে বহি
 মাটিৰেই মানুহৰ মানুহ সাজিছে।

[ ৪২ ]