এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
ব্যাকুল বিস্ময় হই উঠি গলো নাৱলই
লাহে লাহে যুবতীয়ে নাও মেলি দিলে,
নাৱৰ বাৰত লাগি আধা ফুটা কলিবোৰ
দেখিলো হঠাতে ফুলি মাথো হালে-জালে।
গই আছো ইদৰেই নাই কাৰো মাত বোল
এনেতে এবাৰ মোৰ চকুলই চাই,
ক’লে হাঁহি মিচিকাই “ইমান পৰেও বাৰু
কোন মই দেহি ঐ চিনি পোৱা নাই।”
পালো পালো চিনি পালো পালো মোৰ মানসীক
সত্য আলোক পালো নহয় সপোন,
মায়াবিনী বুলি যাক, অশৰীৰী বুলি যাক
ভাবিছিলো তেৱে মোৰ প্ৰেমৰ দাপোণ!
এদিন দূৰতে যাক দেখি সখী আঁতৰিলা
ঘিণ কৰি পূজা মোৰ নুচুলা হাতেৰে,
নিজান পদুম বন, নাই কতো সাৰ-সুৰ
লগ পালা আজি তাকে কোনতো সাহেৰে?
“মৰতৰ মানবীৰ যিদিনা মৰণ হয়
সেই দিনা বুজে সখা প্ৰণয়ৰ মোল,
পুৰুষৰ পৰাণেও সেই দিনা বুজি উঠে
সতীক নুবুজি হায় হেৰুৱালো কুল।”
[ ৪১ ]