সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 


ই দৰেই ভাবি ভাবি  গই আছো অকল’ই
 হঠাতে থমকি ৰলো অচিনাকি ঠাই,
আগতে পদুম বন  ফুলিছে কিমান ফুল
 সৰিছে কিমান পাহি লেখজোখ নাই।

ওপৰৰ ফালে চালো  নাই কতো ৰঙা ৰদ
 নাই কতো জোন তৰা তথাপি জোনাক,
নাইতো কলীয়া মেঘ  কিহেনো ঢাকিলে তেনে
 সূৰুযৰ চোকা তেজ, জোন তৰা জাক!

—ইকি! ই যে অদূৰত  এখনি ফুলাম তৰী
 পদুমৰ পাহি ভাঙি চাপেছেহি কাষ,
জলৰ কুঁৱৰী নেকি?  নহলে মানবী আহি
 অকলে ইয়াত কিয় কৰিছেহি বাস?
        
“ভাবিছা কিটোনো বাৰু  অচিনাকি পথহাৰা!
 কি লাগে তোমাক কোঁৱা পদুম বনত,
ফুলৰ কোঁৱৰ যদি  নোহোৱা যুৱক তুমি
 কবিতা কঠীয়া কিয় সিচিছা মনত!”

মায়াবিনী নেকি এওঁ?  নতুবা কোনোবা দেৱী,
 নহলে মনৰ কথা কব কেনেকই?
এইদৰে ভাবোতেই  কলে,“হেৰা অচিনাকি
 আঁহাচোন বাৰু তুমি উঠি নাৱলই”।

[ ৪০ ]