সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

স্বপ্ন

সৰগৰ ফুলনিত  থাকিম সুখেৰে বহি
 নাই তাত মৰতৰ পাহি সৰা ফুল;
নাই তাত বিৰহৰ  কৰুণ বেদনা ধ্বনি
 ব্যথাভৰা প্ৰেমিকৰ বিননিৰ ৰোল!

ফুলে তাত পৰাণৰ  কোমল কমল কলি
 উৰে তাত প্ৰণয়ৰ ৰঙা বগা ৰেণু,
বাজে তাত গকুলৰ  যমুনা পাৰত বজা
 তাহানিৰ সুমধুৰ সেই একে বেণু।

কলিয়া কুলিয়ে তাত  নেজানে উৰুলি দিব
 নবহেহি কেতেকীও বিৰিখৰ ছাঁত,
হেঙুলীয়া সপোনৰ  পৰশতে ভাঁহি আহে
 আধা ফুটা কেঁচুৱাৰ মউসনা মাত।

গৰবিনী তটিনীৰ  নাই কতো কলৰব
 অপৰূপ গোলাপৰ নাই অভিমান,
প্ৰেমৰ বিমল সুধা  প্ৰাণত উথলি উঠে
 অযাচিতে প্ৰেমিকক কৰে নিতে দান।

[ ৩৯ ]