এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
এদিন যিদিনা সখী ডুবৰি পাটীত বহি
চাইছিলা শৰতৰ সুশীতল জোন,
কিয় তুমি গাইছিলা কৰুণ কাতৰ সুৰে
“হিয়াত জিলিকে” বুলি “মনোহৰ কোন?”
মৰতৰ দেববালা হই তুমি উপজিলা
দেৱতাকো আদি পূজা নকৰিলা আগ,
সেইহে কিজানি তুমি মোৰ অৰ্ঘ্য, উপচাৰ
মোৰ প্ৰেম-নৈবেদ্যৰ নললাহি ভাগ!
মানুহে মানুহে যদি মৰমৰ মোল বুজে
মৰমৰ নহয় সখী শাওণৰ মেঘ,
বুজিবা মৰম সখী, তেতিয়াই পাহৰিবা
জীৱনৰ যত ক্লেশ, দুখ, হিংসা, দ্বেষ।
নহলে মানুহে কিয় মৰম যাচিব সখী
নাই যদি মৰমৰ মোহলগা বোল,
কাঁইটীয়া কেতেকীৰ অযাচিত সৌৰভত
বিহুৱে বিহুৱে জানো হেৰুৱাব কুল?
⸻⸺
[ ৩৮ ]