এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ন-জোন
তটিনীৰ তীৰে তীৰে বহি বহি ভাবিবৰ
যেতিয়া সময় হয় ভাবেই নোলায়,
ৰঙা বগা পদুমৰ কলিটি যেতিয়া ফুলে
ফুলাৰ আগতে তাৰ শোভা মাৰ যায়।
নৌ হওঁতেই পুৱা গীত নৌ গাওঁতেই
বিহগীৰ সুৰে নিতে মন আমোলায়,
প্ৰভাতী মলয়া ব’লে কোকিলৰো কাকলিত
নবৰষে মৌ-ৰস, মাধুৰী নোলায়।
বসন্তৰ পৰশত ফুলিব কেতেকী ফুল
আশাৰ সৌৰভ লাগি মন উৰি যায়,
ছিঙিলে কেতেকী ফুল পাতৰ কাঁইটে কাটি
হাতৰ আঙুলি মাথো তেজেৰে বোলায়।
✷ ✷ ✷
ডাৱৰৰ আঁৰে আঁৰে আহিবি কিৰণ ঢালি
পাৰিলে সাজিবি মালা গাঁথি গাঁথি তৰা,
পাৰিলে আপোন সুৰে আপোনাৰে গাবি গান
আপোনা আপুনি হবি সুখে দুখে ভৰা।
[ ৩৩ ]