এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
কলীয়া মেঘৰ বলিয়া ধুমুহা
তোৰ বিষাদতে উপচি যায়,
সপোন পুৰীৰ সোণালী কিৰণ
বিচাৰিলে তোৰ কাষতে পায়।
আজি কিয় তোৰ হেৰৌ নিঠুৰ,
শুনা নাই সেই সুমধুৰ সুৰ,
আনিছ কিয়নো বজ্ৰ বিজুলী
শত বিপদৰ পাতনি তৰি,
সুৱদি নিশাৰ মাধবী ধৱলী
নসৰে জেউতি নিজৰি জৰি।
সেই সুমধুৰ মিলন মধুৰ
বলিয়া, আজিও বাতৰি আন,
নালাগে দুখৰ দাৰুণ যাতনা,
নালাগে শোকৰ বিননি গান;
ভৰা বাৰিষাৰ নালাগে বাতৰি
বিৰহ-বিজুলী দূৰলে’-নে,
শাৰদী নিশাৰ শেৱালি বালাৰ
সুৱদি সুৰভি পাৰিলে দে।
⸻⸺