সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

নিতৌ নতুন হবি লাগিছে পূৰ্ণিমা কিয়
 পূৰ্ণিমা হলেই হব অমাবস্যা ঘোৰ,
সৌন্দৰ্য্যৰ পূৰ্ণ ছবি  আঁকিব খোজোতে কবি
 লিখনী উফৰি পৰি টোকে চকুলোৰ।

 ন-জোন হৱ যদি নিতউ নতুন,
 সোণৰ মাজতে৷ তয়ে হবি কেঁচাসোণ।

⸻⸺

বসন্ত

বসন্ত—
বসন্তৰ পৰশত  তৰু, লতা, তৃণাদিত
 সুচিকুণ সেউজীয়া ঢউ খেলি যায়,
ফুলৰেই তৰী সাজি  ফুলৰেই পাল তৰি
 ফাগুনীয়ে প্ৰকৃতিক সুৰভি বিলায়।

মউ লোভি ভোমোৰাই  গুণ্ গুণ্‌ গুণ্‌ গুণ্‌
 গুণ্ গুণ্ গুণ্‌ ৰৱে গীতেৰে ভুলাই,
মালতীৰ মনোৰমা  আলসুৱা অধৰৰ
 আল্ফুলে সুধা লই উৰি গুচি যায়।

[ ৩৪ ]