সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

সন্ধিয়াৰ আকাশক  ছানিলে কলীয়া মেঘে
 এন্ধাৰে আৱৰি ধৰি গ্ৰাসিলে অসম,
ডাৱৰৰ সুৰুঙাই  জুমি চাবা ধ্ৰুবতৰা
 আলোকতে দেখা পাম পথ অনুপম।[]

সুৰ

সানিব খোজোতে সুৰ অমিয়া গীতত
ললিত লয়ত তুলি ৰাগিণী মধুৰ,
শেষৰ কঁপনি উঠি বুকুৰ বীণাত
হেৰাল হঠাতে দেহি জীৱনৰ সুৰ।

‘সুৰ’ৰ শোকত হ’ল ৰাগিণী পাগলী
ইপাৰত বহি বহি আছে যেন ক’ই,
“নপলাওঁ বুলি তই হেৰ পলৰীয়া
ফাঁকি দি পলাই বাৰু পলাবি কলই?”

সিপাৰৰ পৰা ‘সুৰে’ সুধা ঢালি ঢালি
কয় যেন চেনেহেৰে হাঁহি মিচিকাই,
“আউলি-বাউলি তই নহবি মিছাতে
যদিও আহিলো মই মই অহা নাই,
তোৰেই কাষতে আছো নকৰিবি ভুল
জন্ম আৰু মৰণৰ মাথো একে কুল।” []


  1. কৰ্ম্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ মৃত্যুত লিখা।
  2. কবিৰ প্ৰিয়বন্ধু সুসাধক দেবেন বৰদলৈৰ মৃত্যুত লিখা।

[ ২৮ ]