এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
যি জনাৰ আত্মদান জীৱন-জ্যোতিয়ে যাৰ কৰ্ম্মবীৰ জনমেৰে মৰণক জয় কৰি গ'ল, পোহৰালে পৰপাৰ মাথো এটি সামগান প্ৰতিধ্বনি কৰি কৰি প্ৰাণে প্ৰাণে ৰ'ল। সি জনাৰ বিয়োগত ঘৰে ঘৰে অসমত নুতুলিবা ব্যথাভৰা বিননি কৰুণ, চন্দ্ৰ, কোটি তাৰকাৰ হাতত সপিদি ভাৰ দিনান্তত বুৰ দিয়ে তপন তৰুণ। জন্মভূমি আই মোৰ ৱৰ অভাগিনী তই ভগাবুকু আৰু তোৰ নোৱাৰ জোৰাব, নবীনৰ শ্মশানত
- আকুলি বিকুলি কান্দি
মন্দিৰৰ শিখৰত, চকুৰ পানীৰে জানো পাৰিবি ঘূৰাক? শোণিতেৰে পূৰ কৰি ষোড়শোপচাৰ, সোণৰ কলচী থাপি ‘আই’ ‘আই” বুলি তোৰ চৰণ সাবটি ধৰি শেষ কৰি গুচি গ'ল পূজা আপোনাৰ। কৰ্ম্মময় জীৱনৰ কৰ্ম্ম কৰি সমাপন মাটিৰ মানুহ তুমি সাদৰে আদৰি লই বিধিৰ বিধান, মৰতত ৰাখি গ'ল৷ অমৰাৰ দান। মাটিত মিহলি হ'লা [ 27 ]