এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
ৰুদ্ৰাক্ষৰ মালা পিন্ধি ৰামকৃষ্ণ দেৱে ছাই ভষ্ম সানি গাত কমণ্ডলু লই, নাই ফুৰা ভাৰতৰ হাবি-বননিয়ে জটাধাৰী, গৃহত্যাগী, বনবাসী হই। লালসাৰে পৰিপূৰ্ণ বিলাসী গৃহত গৃহী হৈ গৃহতেই গৃহত্যাগ কৰি, হৃদয়ৰ পূজাঘৰ শুচি কৰি লই বিশ্বৰ পাতিলে পূজা প্ৰেম-ধৰ্ম্ম ধৰি। শক্তিৰূপা মহামায়া আৰাধনা কৰি দিঠকতে জননীৰ দেখিছিল ৰূপ, মাতৃ বুলি দেৱী বুলি বাৰাঙ্গন। পূজি যাচিছিল ভকতিৰ দীপ, ধূনা, ধূপ হিন্দুৰ পৰিত্ৰ পথ বেদৰ মাজেদি “সত্য-শিৱ অদ্বৈত”ৰ লভিলে সন্ধান, বাইবেল কোৰাণাদি নানা পথে ঘূৰি শেষত পশিলে আহি সেই একে স্থান। “অমৃতৰ পুত্ৰ আমি নাই মৃত্যু ভয়, জগত এখন ঘৰ এজন পিতাৰ, কৃষ্ণ তেওঁ, কালী তেওঁ, পুৰুষ প্ৰকৃতি” মুকুতিৰ বাণী এয়ে সেই মহাত্মাৰ। *
- শ্ৰীশ্ৰীৰামকৃষ্ণ পৰমহংস দেৱৰ ১৯৩৬ চনৰ ১ মাৰ্চ্চত
যোৰহাটত হোৱা শতবাৰ্ষিক উৎসৱত পঠিত। [ ২৬ ]