সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মৎস্য, কুৰ্ম্ম, আদি কত ৰূপে সৃষ্টি কৰে অধৰ্ম্ম বিনাশ কৰি ধৰ্ম্ম থাপি গ'ল, সৰষুৰ সোঁতে সোঁতে ‘ৰাম-নাম' উটি, সিন্ধু, গঙ্গা, লুইতত আজিও যে ৰ'ল। যমুনাৰ পাৰে পাৰে যিটি কলীয়াই বলিয়া বাঁহীটি লৈ কিশোৰ কালত, অপৰূপা গোপিনীৰ ৰূপ-ছবি চাই ধৰি ধৰি ফুৰিছিল ৰিহা - আচলত। ৰন্ধৰ সাৰথি হৈ তেঁৱেই এদিন, কুৰুক্ষেত্ৰ সময়ত শঙ্খ-ধ্বনি কৰি, ধৰ্ম্মৰ-বাদল ধাৰা বোৱালে ধৰাত অধৰ্ম্মৰ অগ্নি-শিখা সহিব নোৱাৰি। হিংসা, ক্ৰোধ, অসত্যৰ বেগৱতী খলে উটুৱাব খোজোতেই সত্যৰ মহিমা, তৰুৰ তলত বহি তাহানি গৌতমে, দেখুৱালে অহিংসাৰ গভীৰ গৰিমা। 1-606 সিদিনাও সেই দৰে পাপ, অধৰ্ম্মৰ, কুৰুৱা বতাহজাকে পুণ্য-আশ্ৰমত, উৰুৱাব খোজোতেই ধৰ্ম্ম-ৱেদীখনি মূৰ্ত্ত হ'ল ৰামকৃষ্ণ ভাৰতবৰ্ষত 9 [ 25 ]