এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
সকলোৰে একমত, সৰ্ব্বব্যাপী তেওঁ;
পথ-নিৰ্দেশত মাথো হ’ল মতভেদ,
কোনোৱে নিৰ্দ্দেশ দিলে ‘কোৰাণেদি যোৱা’
কোনোৱে বা ‘বাইবেল’ কোনোৱে বা ‘বেদ’।
সনাতন হিন্দুধৰ্ম্ম মৰ্ম্মে মৰ্ম্মে বুজা
গদাধৰে জগতক দিলে দেখুৱাই, —
“ঈশ্বৰ নেথাকে বহি নিৰ্দ্দিষ্ট পথত
‘যত মত তত পথ’ সকলোতে পায়।”
“অকল মন্দিৰ, গীৰ্জ্জা, মজিদত বহি
বিশ্বপিতা জগন্নাথ নাথাকে সোমাই,
ঋষি, যোগী, সন্ন্যাসীৰ জটা লেখি লেখি,
সৃষ্টিকৰ্ত্তা নিজানত নাথাকে লুকাই।”
“সত্য, শুদ্ধ আত্মা যাৰ নাই হিংসা, দ্বেষ,
চকুৰ আগত দেখে সকলো সমান,
যত জীৱ শিৱ বুলি কৰে যেয়ে পূজা
সিজনাৰ অন্তৰতে মূৰ্ত্ত ভগৱান।”
দেৱতাৰ, মানৱৰ, যক্ষ গন্ধৰ্ব্বৰ
লীলাভূমি, পুণ্যভূমি জন্মভূমি মোৰ,
নিৰুপমা ভাৰতক নিমগনা কৰি,
যুগে যুগে বাজি আছে ভকতিৰ সুৰ।
[ ২৪ ]