সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰূপ-জ্যোতি— পুণ্যভূমি অসমতে তেনে দিনতেই শঙ্কৰ মাধৱ দুটি স্থল পদ্ম ফুলি, দান কৰি অযাচিতে আপোন সৌৰভ পূজি গ'ল “যত জীৱ তত শিৱ” বুলি। অধৰ্ম্মৰ ছায়া পৰা লুইত তীৰত কদমৰ পুলি ৰুলে গকুলত গজা, কলীয়াৰ বাঁহী লৈ বজালে পুনৰ মোহন মধুৰ সুৰ যমুনাত বজা। শঙ্কৰে সিচিলে যত ধৰ্ম্মৰ মাধৱে সিমানে ৰুলে অসম ভূমিত, অনাহাৰী মনোলোভী অসমৰ শ্যাম হৰিৰ লগত আজি হ'ল হৰিষিত। লুইতত খলকনি উঠালে যেতিয়া শঙ্কৰৰ ৰসময়ী হেঙুলীয়া তৰী, তৰীৰ টিঙত বহি আছিল মাধৱ ভাগৱতী ভকতিৰ গুৰি ৱঠা ধৰি। ১৩৭১ শক আহিন মাহত, অসমৰ বৰদোৱা পবিত্ৰ ভূমিত, দেবীৰূপা সত্যসন্ধ্যা জননী গৰ্ভত জন্ম হল শুক্লপক্ষ দশমী তিথিত। [ 20 ]