সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 

সেই মহাপুৰুষেই গঢ়িলে সমাজ
নাম ধৰ্ম্ম অমিয়াৰে ভাৰত বুৰালে,
অধৰ্ম্মৰ যত গ্লানি মষিমূৰ কৰি
ভাগৱতী ভকতিৰ পতাকা উৰালে।

পাপী, তাপী, দুখী, দীন, ধনী, নিৰ্ধনীক
সত্যৰ আলোক দিলে ভকতি প্ৰেমৰ,
উচ্চ তুচ্ছ ভেদাভেদ নাৰাখি অকণো
সনাতন ধৰ্ম্ম দিলে পৰম ব্ৰহ্মৰ।

গীত, নাট, কবিতাৰ সোণৰ কপালী
ভাষা জননীক দিলে শঙ্কৰে পিন্ধাই,
দুলৰী, লেচাৰী, ছবি, গজপতি পদে
আজিও মানব চকু চমক লগায়।

সেই কবি, সেই গুৰু, সিদ্ধ পুৰুষৰ
১৪৯০ শক, কোচবিহাৰত,
ভাদ মাহ শুক্ল পক্ষ দ্বিতীয়া তিথিত
তিৰোভাব টোৰোচাৰ বিমল তীৰত।

[ ২১ ]