সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শ্ৰীশ্ৰীশঙ্কৰদেৱ

এদিন অসম মোৰ আছিল স্বাধীন
নিষ্কণ্টক আহোমৰ ৰাজ-সিংহাসন,
ঘৰে ঘৰে শান্তি সুখ আছিলে বিৰাজি
নাছিল দুৰ্ভিক্ষ কতো অকাল মৰণ।

ভাৰতে জগতে নিতে আছিলে প্ৰচাৰি
বীৰমাতা অসমৰ বীৰত্বৰ বাণী,
কবিতাত কৰিছিলে কবিয়ে ঘোষণা
অলৌকিক অসমৰ সতীত্ব কাহিনী।

লৌহিত্যৰ পাৰ ভাঙি আহিল এনেতে
অধমৰ অশান্তিৰ বেগৱতী ঢল,
ৰোধিৱ নোৱাৰি ঢৌ ঘোৰ প্লাবনৰ
ধৰ্ম্মৰ তুলুঙা নাও হল তল্‌মল্‌।

সুখৰ সঁফুৰা হল শাওণৰ মেঘ,
আগুৰি আহিল যত পাপ অত্যাচাৰ,
নাই কতো গুৰিয়াল গুৰি ধৰে কোনে
পুণ্যভূমি অসমৰ নাই প্ৰতিকাৰ!

[ ১৯ ]