সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
 


(২)

হে জয়া!
জন্মভূমি কিযে ধন  কিযে স্বৰ্গ অতুলন
 জানিছিলা তুমি তাক, বুজিছিলা তুমি,
ত্যজি পুত্ৰ প্ৰাণপতি  আত্মদান দিলা সতী
 স্নেহময়ী জননীৰ পাদ-পদ্ম চুমি!

দধিচীয়ে আত্মদানী  দেৱতাক দিলে আনি
 হেৰাব খোজোতে স্বৰ্গ মুৰ্খ দেৱতাৰ,
সতীয়ে ত্যজিলে প্ৰাণ  শুনি পতি অপমান
 জন্মদাতা, জন্মগুৰু কাষত পিতাৰ।

তুমি জয়া আত্মদানী  পতি পদে দিলা সানি
 অপমৃত্যু সঞ্জীৱনী পূত পৰিমল,
জন্মভূমি জননীৰ  মচি নয়নৰ নীৰ
 অৰ্ঘ্য দিলা হৃদয়ৰ ৰঙা গঙ্গাজল।

হে দেৱী!
যি শক্তিৰ হেম-জোতি  পাই তুমি পুণ্যৱতী
 ভাগ্যগ্ৰস্ত সোৱামীক কৰিছিলা ত্ৰাণ,
তাৰে আজি এটি ৰেণু  কিম্বা এটি পৰমাণু
 অসমীয়া বোৱাৰীক কৰা দেবী দান!

যি শিক্ষা সাধনা কৰি  উচ্চ পদ পৰিহৰি
 দেশৰ কাৰণে হ’লা দীনা ভিক্ষাৰিণী,
সেই শিক্ষা দিয়া ভিক্ষা  তাতে আজি লক দীক্ষা
 পূৰ্ণ হক অসমত দেশ-সেৱকিনী।

[ ১৮ ]