এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
জয়া
(১)
নাছিল মৰণ ভয় মৃত্যু হল পৰাজয়
জন্ম হ’ল মৰণৰ লগে লগে যাৰ,
আজন্মৰ আৰাধনা যোগ, ব্ৰত, উপাসনা
সিদ্ধি কৰি যিজনাই পালে মোক্ষ দ্বাৰ।
সেই চিৰ পুণ্যৱতী অসমৰ মহা সতী
পতিপ্ৰাণা; বীৰাঙ্গনা, বীৰ জননীৰ,
নিবেদিছে প্ৰতি পলে কাল জয়ী জয়দ’লে
আত্মদানী আদৰ্শৰ মহিমা গভীৰ।
যি জনাই উচ্চ প্ৰাণ তুচ্ছ কৰি দিলে দান
নিজ বুলি ৰমণীৰ মান-অভিমান,
সেই নাৰী নোহে নাৰী, দেৱী—নাৰী বেশধাৰী
—আজি এই পুণ্য তিথি তাৰ প্ৰতিদান।
আজি জয়া-হীনাকায়া তথাপিতো স্মৃতি-ছায়া
জিলিকিছে প্ৰকৃতিৰ পখিলী পাখিত,
গগণে-গহনে-বনে উপবনে, জনে জনে
সেই স্নিগ্ধ স্মৃতি-স্তম্ভ চিৰ প্ৰতিষ্ঠিত।
[ ১৭ ]