বিহুনে
মুগা ৰিহা মেখেলাৰে লৱণু দেহাটি ঢাকি
লাহতী খোপাত পিন্ধি থোপা থোপে ফুল,
ৰাঙলি কৰিলা কিয় চঁপাৰ কলিৰে সজা
চিকুণি হাতত সানি জেতুকাৰ বোল?
সেন্দুৰৰ ফেঁটিটিৰে কপাল শুৱনী কৰি
দুখনি কণিত পিন্ধি মিনাকৰা কেৰু,
আলসুৱা ডিঙিটিত গল্পতা ধাৰি আঁৰি
কলৈ ওলালা কোৱা অসম গাভৰু?
ৰঙালি বিহুত আজি ৰঙতে ৰাঙলি হলা
কিয় তেনে পাহৰিলা সেই বিহু গীত?
কিশোৰী কালতে গোৱা যি গীতৰ ঢৌ লাগি
বালিমাহি নাচিছিল শালি ধাননীত!
ক’ত হেৰুৱালা টকা যাৰ ছেৱে ছেৱে নাচি,
দুগালেদি নাচতীৰ সৰিছিলে ঘাম,
চাপৰিৰ মাজে মাজে চোমনিৰ আঁৰে আঁৰে
ৰৈ ৰৈ উঠিছিল মথো বিহুনাম।
✷ ✷ ✷ ✷
কাঁইটীয়া কেতেকীয়ে গোন্ধৰ সঁফুৰা মেলি
চৌদিশে দিছে আজি সুবাস বিলাই,
নাহৰ টগৰ ফুলি কপৌৱে কপত ভুলি
আদৰিছে বহাগীক বিহুগীত গাই।
অপৰূপা অসমৰ ৰূপহী গাভৰু হই
তুমিয়ে নুবুজা যদি বিহুটিৰ মোল,
বহাগীৰ বিহুতলী নিৰস নিজান কৰি
কি হব হাতত ললে জেতুকাৰ বোল?
⸻
[ ১৬ ]