ৰূপ-জ্যোতি— এই ভাৰততে বহি দান দিলে দেৱতাক সেইদিনা দধিচীয়ে আপোন বুকুৰ অস্থি অকাতৰে তুলি, মৰণ বৰণ কৰি স্বাৰ্থ ত্যাগ মানবৰ মূল-ধৰ্ম্ম বুলি। সুকুমাৰ দেব শিশু তেজেৰে ৰাঙলি হই এতিয়াও পৰি আছে ৰাজপুতনাত, পান্নাৰ আজলী প্ৰাণে তথাপিতো নেকান্দিলে স্বাধীন ‘উদয়' ৰবি জ্বলাৰ আশাত। এতিয়াও যোৱা নাই সতীৰ তেজৰ চেকা স্বামীকেই জীবনৰ লাগি আছে জেৰেঙাৰ বিৰিণা পাতত, টা কৰিছিল আত্মদান পতিৰ নামত। দেৱৰো দেৱতা ভাবি মহিমা মণ্ডিত সেই ভাৰতৰ নৰ-নাৰী ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি জাতিত মানুহ আমি তাঁৰা আছে এতিয়াও হৈম-শিখৰত, যাওঁ আহা আগবাঢ়ি আপোন বাটত! প্ৰেম ক্ষমা আগ কৰে৷ প্ৰাপ্য বিচৰাত? 'দাস' বুলি ভাষা নাই মানব ভাষাত। সোণৰ চানেকি খনি তাকে আজি চাই চাই তাজি মান, অভিমান নহওঁ অধীন কাৰো আৰক্তিম গগণত উদিল ৰক্তিম ৰবি বাজিল পুৰী সুৰ মাতৃ-মন্দিৰত “জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী” এয়ে হক মূল-মন্ত্ৰ ভাৰতবৰ্ষত। [ ১৫ ]
পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২১
অৱয়ব