সেইদিনা দধিচীয়ে এই ভাৰততে বহি
আপোন বুকুৰ অস্থি অকাতৰে তুলি,
মৰণ বৰণ কৰি দান দিলে দেৱতাক
স্বাৰ্থ ত্যাগ মানবৰ মূল-ধৰ্ম্ম বুলি।
সুকুমাৰ দেব শিশু তেজেৰে ৰাঙলি হই
এতিয়াও পৰি আছে ৰাজপুতনাত,
পান্নাৰ আজলী প্ৰাণে তথাপিতো নেকান্দিলে
স্বাধীন ‘উদয়’ ৰবি জ্বলাৰ আশাত।
এতিয়াও যোৱা নাই সতীৰ তেজৰ চেকা
লাগি আছে জেৰেঙাৰ বিৰিণা পাতত,
স্বামীকেই জীবনৰ দেৱৰো দেৱতা ভাবি
কৰিছিল আত্মদান পতিৰ নামত।
✷ ✷ ✷ ✷
মহিমা মণ্ডিত সেই সোণৰ চানেকি খনি
অঁৰা আছে এতিয়াও হৈম-শিখৰত,
ভাৰতৰ নৰ-নাৰী তাকে আজি চাই চাই
যাওঁ আহা আগবাঢ়ি আপোন বাটত!
ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ কৰি ত্যজি মান, অভিমান
প্ৰেম ক্ষমা আগ কৰো প্ৰাপ্য বিচৰাত?
জাতিত মানুহ আমি নহওঁ অধীন কাৰো
‘দাস’ বুলি ভাষা নাই মানব ভাষাত।
আৰক্তিম গগণত উদিল ৰক্তিম ৰবি
বাজিল পুৰবী সুৰ মাতৃ-মন্দিৰত
“জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী”
এয়ে হক মূল-মন্ত্ৰ ভাৰতবৰ্ষত।
⸻
[ ১৫ ]