সমললৈ যাওক

পৃষ্ঠা:ৰূপ-জ্যোতি.pdf/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মূল-মন্ত্ৰ

হিমাদ্ৰীৰ শিখৰত  অৰুণ কিৰণ সনা
 ধাৰে ধাৰে মুক্তা মালা গাঁথি হিমানীয়ে,
আৰতিৰ বেলা হ’লে  মাতৃ-পূজা-মন্দিৰত
 অধিষ্ঠাত্ৰী ভাৰতীক উপহাৰ দিয়ে।

অপৰূপা ৰাধিকাৰ  ৰূপৰ লহৰি তুলি
 মুৰুলীৰ সুৰ বান্ধি কদম তলৰ,
খৰ-স্ৰোতা যমুনাই  আজিও যোগান ধৰে
 জননীৰ স্নান-জল পূত প্ৰভাতৰ।

স্ৰোতস্বতী ভাগিৰথী  আজিওযে পুণ্যৱতী
 অৰ্ঘ্য দিয়ে জননীক পূজাৰিণী হই,
ভক্তি প্ৰেমে আত্মহাৰা  ভাৰতৰ নৰ-নাৰী
 মাতৃ-পদ ধূলি সনা শান্তিয়নী লই।
       

সেইদিনা অযোধ্যাত  আছিল নৃপতি হই
 ইক্ষাকু বংশৰ ৰাম, উদাৰ মহান,
সৰযুৰ পাৰে পাৰে  নিকুঞ্জৰ আঁৰে আঁৰে
 প্ৰতিধ্বনি উঠিছিল ৰামায়ণ গান।

সেইদিনা ভাৰতত  নৰৰূপী ভগবান
 যদুকুল শিৰোমণি পাণ্ডব সখাই,
ৰথৰ সাৰথি হই  কুৰুক্ষেত্ৰ সমৰত
 দেখুৱালে অধৰ্ম্মৰ ক’তো জয় নাই।

[ ১৪ ]