এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূপ-জ্যোতি—
ৰাজৰাজেশ্বৰী মোৰ চেনেহী অসম
আজি দীনা, পৰাধীনা, ভিক্ষাৰিণী বেশ,
দেহত এখনি বস্ত্ৰ সিও যে মলীন
সহিছে নীৰবে বহি যাতনা অশেষ।
(অসমীয়া) আৰুনো কিমান চাবা মাতৃৰ লাঞ্ছনা,
অভাগীৰ দশা দেখি নগলেনে প্ৰাণ?
স্বৰ্গতো অধিক মোৰ দেবী-জননীৰ
কৰুণ বিননি আৰু শুনিবা কিমান?
অসম যুবক উঠা লাচিত তেজেৰে
আইৰ কাৰণে কৰা ক্ষুদ্ৰ স্বাৰ্থ ত্যাগ,
“স্বদেশ ডাঙৰ মোৰ, —নহয় মোমাই”
এয়ে হক মূলমন্ত্ৰ, এয়ে যজ্ঞ যাগ।
দেবী স্বৰূপিনী মোৰ অসম জীয়াৰী,
সুধাৰ সফুৰা লৈ উঠা এটি বাৰ,
তুমিয়ে চামুণ্ডা ভনী, তুমিয়ে লখিমী
লখিমী হাতেৰে ঢালা কৰুণাৰ ধাৰ!
অসম বোৱাৰী উঠা জয়াৰ তেজেৰে
কোৱা আই, “ব্ৰত মোৰ দেশৰ কল্যাণ
বিহিলে বিহিব শাস্তি নিৰ্ম্মম নিষ্ঠুৰে
তথাপি ৰাখিম আমি জাতিৰ সন্মান”।
⸻
[ ১৩ ]